Duck hunt
# তিনি দিন তিনি ৰাতি #

মাহেকত তিনি দিন তিনি ৰাতি
তুমি থাকা তিতি তিতি
তোৰ চুলিৰে টোপ টোপকৈ বৰষুণ সৰে
সেয়ে চাগে তোমাক চুবলৈ সকলোৱে ভয় কৰে

তিনি দিন তিনি ৰাতি
মোৰ শৰীৰত তোৰ তেজৰ দাগে চেকুৰা বান্ধে
আৰু বাকী ২৭ দিনমান মোৰ দেহত লাগি থাকে তোৰ কেঁচা তেজৰ গোন্ধ

আমাৰ তেজ ওলালে বিষায়
গোটেই ৰাতি শুব নোৱাৰি ছটফটাই থাকোঁ
তোমালোকৰ সেই
তিন দিন তিনি ৰাতি
বিষেয় চুব নোৱাৰে

তিনি দিন তিনি ৰাতি
লুকাই লুকাই তোৰ চকুদুটাৰ প্ৰেমত পৰোঁ !
-------------------------

# ক্ৰমশঃ ৰৈ ৰৈ
দুখৰ কবিতা বাঢ়ে #

ক্ৰমশঃ ৰৈ ৰৈ
দুখৰ কবিতা বাঢ়ে
তোমাক লৈয়েই মোৰ
দুর্ভাবনাৰ স্বপ্ন চৰে
সাপটগ্ৰাম-নয়াহাট পথটোৱে সাপ হৈ খোঁটে
এডিঙি মদিৰাত ডুব গৈ থাকে
মোৰ অতীত-বর্তমান-ভৱিষ্যৎ

ৰাতিপুৱায় আকাশত এটা ফুটবল ওলমে
ফুটবলটোৰ পৰা জুই ওলায়
পোহৰ হয় ধৰা
অথচ মোৰ হৃদয়ত এন্ধাৰৰ আজন্ম ক্ৰীড়া

ধুনীয়া ছোৱালীবোৰে ল'ৰাবোৰক
watting list-ত ৰাখে

এডাল সূতা
ইপাৰে মই
সিপাৰে তই
মাজত একলহ মদিৰৰ নৈ !
-------------------------

# এটা অকবিতাৰ মৃত্যু #

যোৱা কালি এটা অকবিতাৰ মৃত্যু হ'ল
পৰহি জন্মলাভ কৰিছিল হি
চব্বিশ ঘন্টাৰ আয়ু !

হস্পিতাৰ পৰা তাক ঘৰলৈ লৈ যোৱা হ'ল
আৰু ঘৰলৈ যোৱাৰ
কেই ঘন্টা মান পিছতে উশাহ শেষ !

অকবিতা এটা পথৰ দাঁতিত
মৃত সাপৰ দৰে পৰি আছে !

এতিয়া আত্মা হৈ অকবিতাটোৱে
হাস্পাতালৰ বাৰান্দা লৈ আহিল !

পাৰিলে খেদি দিয়ক!
নিদিলেও কথা নাই
মন গ'লেই তেওঁ নিজেই যাব গৈ উৰি !!!
-------------------------

* নৱপ্ৰজন্মৰ যুৱকসকলৰ হাততএই নষ্ট অকবিৰ এটা নষ্ট অকবিতা *

নৱীন যুৱকসকল, তোমালোকক দিলোঁ কলেজীয়া জীৱনৰ মেঘাচ্ছন্ন আকাশ;
দুপৰীয়াৰ ৰ'দতো চাইকেল চলাই চলাই
ছোৱালীৰ স'তে পাৰ হৈ যোৱা এজাক বতাহ

তোমালোকক দিলোঁ, খিড়িকীৰ ফাঁকে ফাঁকে লুকাই লুকাই ছোৱালী চোৱাৰ হেঁপাহ;
মাজ ৰাতি মদ খাই মাতাল হোৱাপ্ৰেমৰ প্ৰলাপ

তোমালোকক দিলোঁ, গুৱাহাটী গ্ৰন্থমেলাত কবি প্ৰণৱদাৰ স'তে লুকাই লুকাই খোৱা চিগাৰেটৰ সুৱাস;
অথবা শিলপুখুৰীৰ আখৰ প্ৰকাশত কমল দাৰ স'তে কিছুসময়ৰ আলাপ

নৱীন যুৱকসকল, তোমালোকক দিলোঁ পানশালাত অকবিতাৰ জোঁৱাৰ;
বেশ্যালয়ৰ নষ্ট গদ্য
আৰু হাল্লাবোল বিস্ফোৰণৰ দুপৰীয়া

তোমালোকক দিলোঁ,
বাৰে বাৰে প্ৰেমত পৰাৰ ভুল;
মোৰ ৬০ জনী প্ৰয়সীৰ ভাঁহি অহা মাত

লুকাই লুকাই চিনেমা চোৱা,
লুকাই লুকাই প্ৰেমত পৰা,
প্ৰেমৰ নিচা লাগি গ'লে চিঞৰি চিঞৰি ৰাজপথ মাতাল কৰা,
এইবোৰ মোৰ পুৰণি পোচাক

নৱীন যুৱকসকল, তোমালোকক মোৰ সময়ৰ সকলো বস্তু দিবলৈ বৰ মন যায় অ'
এয়া ল'ৱা, তোমালোকক দিলোঁ মোৰ বতামহীন ছিগা কামিচ;
এতিয়া মোৰ দেহত ঠেক হৈ গৈছে, পিন্ধিব নোৱাৰোঁ;
মন গ'লে এবাৰ পিন্ধি চোৱা
অন্যথায় ঘৃণাত দূৰলৈ দলিয়াই দিয়া

(বাংলা কবি সুনীল গঙ্গোপাধ্যায়ৰ চৰণত...)
-------------------------

@ নৰকত নষ্ট অকবিৰ নিৰুদ্দেশ যাত্ৰা @

ৰৈ ৰৈ জুইকুৰা জ্বলি উঠে
শীতৰ চাদৰ ফালি নামি আহে দুখৰ বৰষুণ

ধ্যেৎ চাল্লা, আপদীয়া বৰষুণ
না মোৰ হৃদয়ৰ জুই নুমাব পাৰে
না মোক উটুৱাই লৈ নর্দমাত পেইলাই দিব পাৰে

শূন্যতাৰ দুহাতত উজাই আহে হুমুনিয়াহ
চাল্লা বন্ধ্যা ৰাতি
খিড়িকীৰ পর্দা ফালি উৰি আহি পৰে দুখৰ জোনাক

মদ খাই মাতাল হ'ব নোৱাৰা ৰাতি
দুচকুৱেদি বৈ আহে দুখ আৰু যন্ত্ৰণাৰ চকুপানী
আত্মহত্যা কৰিব বিচাৰিও আত্মহত্যা কৰিব নোৱাৰা ৰাতি
কুৰুৱাটোৰ পাৰৰ পৰা ভাঁহি অহা উচুপনিৰ শব্দ

এতিয়া আগৰ দৰে চিঞৰিব নোৱাৰোঁ বাবেই ৰাতি ৰাতি চকুলোৰে ভিজাওঁ মোৰ দুখৰ দলিচা

আৰু দুদিনমান আছোঁ
সুখ আৰু দুখৰ হাঁহিবোৰেৰে ফাঁচি কাঠৰ ৰচি গাঁথি
তাৰ পিছত এদিন যামগৈ উৰি

কেইদিনমান পিছতে মই নিৰুদ্দেশ হ'ম
নিৰুদ্দেশ হোৱাৰ এসপ্তাহ পিছত আপুনি সেইখবৰ পাব
বাতৰি কাকতৰ ভিতৰ পৃষ্ঠাৰকোনোবা এচুকত

নৰকত নষ্ট অকবিৰ নিৰুদ্দেশযাত্ৰা

বুকুখন বিষাই আছে
চকুপানী চকুপানী
আস্ আৰু সহ্য নহয় চকুপানী

মোৰ হুকহুকাই কান্দিবলে' বৰ মন যায় অ'...
-------------------------

# ৰাগিণী, মই তোমাৰ ভৰিত ধৰিছোঁ স্বপ্নবোৰ ভাঙি যাবলৈ নিদিবা #

(১)
ৰাগিণী, মই তোমাৰ ভৰিত ধৰিছোঁ
স্বপ্নবোৰ ভাঙি যাবলৈ নিদিবা
এতিয়াও সময় আছে অমানিশা ফালি সূৰুয দেখিবলে'
কথা দিলোঁ
তুমি যি বিচৰা তাকেই আনি দিম
শইচৰ পথাৰ
ৰ'দৰ বৰষুণ
আৰু কিবা...

(২)
ভুল আছে বাবেই আমিও ভুলৰ চিকাৰ
মইতো তোমাৰ বাহিৰে কোনো দিনে আন কোনো নাৰীক চুই পোৱা নাই
তুমিতো জানাই মই প্ৰেমিক চৰাই
মই কোনো কথাই তোমাৰ পৰা লুকাই ৰখা নাই
তোমাকলৈয়ে হাজাৰটা সপোন পুহি ৰাখোঁ মোৰ হৃদয়ত
কোনে দিনেতো তোমাক ভাল নাপাও বুলি কোৱা নাই

(৩)
... তুমি অহংকাৰী
অভিমানী
ভিষন জেদী

তোমাৰ জেদৰ অগনিত পুৰি পুৰি সবেই ছাই

তুমি কি
যিয়ে প্ৰেমক কৰিব পাৰে অপমান
যিয়ে সম্বন্ধৰ ৰচীডাল ছিগিদিবলৈও নকৰে অনুতাপ
তুমিতো সঁচাক মিছা বুলি আৰু মিছাক সঁচা বুলি ক'ব পৰা এটা মস্ত ফাঁকিবাজ

তাৰ পিছতো আকাশলৈ চাওঁ
সময় সদায় একেদৰে নাথাকে
সময়ে মানুহক সলনি কৰে

(৪)
মই নিজকে কেতিয়াও নির্দোষীবুলি নকও
কিন্তু সেইবুলি হত্যাৰ সপোন এটা বুকুত জীয়াই নাৰাখোঁ

(৫)
মোৰ মৃত্যুক লৈ তুমি শংকিত নোহোৱা
মোৰ চকুপানীত তুমি ব্যথিত নোহোৱা
.....

(৬)
এখন বিছনা
ইমূৰে মই
সিমূৰে তই
হৃদয়ৰ ভিতৰত কোনেও কাকো চুব নোৱাৰা এমুঠি বিষাদৰ জুই

(৭)
ৰাগিণী,
মই তোমাৰ ভৰিত ধৰিছোঁ স্বপ্নবোৰ ভাঙি যাবলৈ নিদিবা

মোৰ সপোন
তোমাৰ সপোন
তোমাৰ এৰি ঘৰখনৰ সপোন
আমাৰ ঘৰখনৰ সপোন
অন্ততঃ আমাৰ এবছৰীয়া ছোৱালীজনীৰ সপোন

(৮)
আহা ৰাগিণী
গুচি যোৱা বিষাদবোৰক পাহৰি
নতুন কৈ সপোন দেখোঁ
এজনে আনজনৰ চকুত চকুথৈ
হৃদয়খুলি অন্তৰৰ কথা পাতোঁ

ৰাগিণী, মই তোমাৰ ভৰিত ধৰিছোঁ স্বপ্নবোৰ ভাঙি যাবলৈ নিদিবা না
-------------------------

"ৰাগিণী, তোমাকলৈ মোৰ জীৱনৰ শেষ অকবিতা"

....... ইয়াৰ পিছতো তুমি সহজ নহ'লা। জীৱনটোকে
অভিনয়ৰ দৰে বার্বাদ কৰি দিয়াৰ সপোন পুহি ৰাখিলা.......

....... আজিৰ পৰা দুয়ো সুখৰ অভিনয় কৰিম
ভিতৰি ভিতৰি দুয়ো
জ্বলি পুৰি মৰিম ......

...... তুমি নিজৰ কথাত একেবাৰে অটল,
এৰি দিলা মোৰ দুহাতৰ পৰশ......

...... আজীৱন দুয়ো
দুয়োকে হৃদয় খুলি কথা ক'ব নোৱাৰিম। কোনেও কাকো চুব নোৱাৰিম কোনোদিনে ......

...... শব্দৰ দুহাতত লৈ ফুৰিম যন্ত্ৰণাৰ পাণ্ডুলিপি।
তোমাৰ মুখলৈ চাম, ৰাতি লুকাই লুকাই দুচকুৰ অশ্ৰু বোৱাম ......

...... ক্ৰমশঃ বোবা হৈ
উঠিম, বধিৰ হৈ উঠিম...
অন্ধ হ'ব নোৱাৰি উচুপি থাকিম......

(...... ৰাগিণীক লৈ আৰু কোনো মন্তৱ্য নাই। যি থাকিব সেয়া হৃদয়ৰ ভিতৰত জ্বলি জ্বলি পুৰি ৰোৱা এমুঠি ছাই......)
-------------------------

# হুদুম #

হুদুম, তোৰ বুকুত অগনিৰ ঝাল
পুৰি পুৰি এমুঠি কলা ছাই
তোৰ চকুৰ সমুখত

হুদুম, তোৰ জিভাত নাৰী তেজৰ ছিটা
অশুচ মহিলাৰ প্ৰতিও তোৰ কামুক দৃষ্টি

মাহেকীয়াৰ পিছত মূৰ ধোৱা চুলিৰ পানীত সাঁতুৰি তই
পানী ভৰাই লোৱা
তোৰ পনীয়া ঠোঙাত

তোতকৈ আমি নষ্ট অকবি বিলাকে ভাল
সুন্দৰী নাৰীৰ প্ৰেমত পৰোঁ
প্ৰেমৰ হেঁপাহ পলালে
মদৰ বটল ধৰোঁ

তোৰ দৰে লুকাই লুকাই
নাৰীৰ গোপন অঙ্গ দেখাৰ
বাসনা আমাৰ নাই
বেশ্যাৰ দুখতো আমি চকুলো পেলাওঁ
বেশ্যালয়ত লিখোঁ দুঃস্বপ্নৰ কবিতা
পানশালাত লিখোঁ যন্ত্ৰণাৰনষ্ট গদ্য

অভিশপ্ত হুদুম
কাৰ অভিশাপ
কাৰ অভিশাপ

হুদুম, নিজে নিজে ভাবা
আৰু এডিঙি সোমৰস পান কৰা

অভিশপ্ত হুদুম
গোটেই মুখমণ্ডলত
নাৰীৰ যৌনাঙ্গৰ দাগ !

(* হুদুম : জলদেৱতা, ইন্দ্ৰদেৱতা ।)
-------------------------

ණ কন্দর্পজিৎ কল্লোল